azlyrics.biz
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

tarun tanmoy & deeplina deka – nuwari nuwari lyrics

Loading...

নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
পাহৰি পাহৰি তোমাকে পাহৰি।।
কি মৰম দিলা মোক কলিজা উজাৰি।।

আৱৰি আৱৰি ধৰিছে আৱৰি।
বিয়পি বিয়পি পৰিছে বিয়পি।
সাতোৰি ধৰিছো ভাৱনাত ওপঙি।।

অ… ইকাতি-সিকাতি বাগৰে ৰাতি।
শিতানৰ গাৰুৰে কথাকে পাতি।।

টোপনিৰ সলনি চকুতে তুমি।
এপলো নোহোৱা দূৰণি।।

অ… নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
আৱৰি আৱৰি ধৰিছে আৱৰি।।
ওপচি পৰিছো মৰমতে আজি।।

অ… কিনো পালে তোমাতে মোৰ দুচকুৱে।
নোৱাৰা হ’ল থাকিবলৈ নেদেখাকে।।
কিনো আছে নাজানো এই মৰমতে।
এই হাঁহো এই কান্দো আৱেগতে।।
ইকাতি-সিকাতি বাগৰে ৰাতি।
শিতানৰ গাৰুৰে কথাকে পাতি।।
টোপনিৰ সলনি চকুতে তুমি।
এপলো নোহোৱা দূৰণি…।।

নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
আৱৰি আৱৰি ধৰিছে আৱৰি।।
ওপছি পৰিছো মৰমতে আজি।।

কিজে হ’ব ভয়ে লাগে ভাবিবলে।
কেনেবাকৈ তুমি মই আমি নহ’লে।।

কান্দিবও নোৱাৰিম মই তেনেহলে।
নিচুকাব কোনে মোক তুমি নহ’লে।।

ইকাতি-সিকাতি বাগৰে ৰাতি ।
শিতানৰ গাৰুৰে কথাকে পাতি।।

টোপনিৰ সলনি চকুতে তুমি ।
এপলো নোহোৱা দূৰণি…।।

নোৱাৰি নোৱাৰি থাকিব নোৱাৰি।
আৱৰি আৱৰি ধৰিছে আৱৰি।।
ওপচি পৰিছো মৰমতে আজি।।



Random Lyrics

HOT LYRICS

Loading...