azlyrics.biz
a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9 #

zubeen garg – monore dapunote lyrics

Loading...

মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
(মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
নোৱাৰো ক’বলৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
(ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
পাহাৰে ভৈয়ামে বগাই মই আহিছো
তোমাৰে কাৰণে এনেখন কৰিছো
ছলাহী কথাৰে ভুলাব নালাগে
সৰগৰ পাৰিজাত দিব পাৰিবানে
(তুমি ক’লে মইনা আনি দিম পাৰিজাত মৰতত মেনকা পাৰিজাত কিয় তাত)২
নোৱাৰো ক’বলৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
(ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
যৌৱনত ভৰি দি বহুতো জানিছো
তোমাৰে নিচিনা ডেকাৰ মন বুজিছো
লোককে দেখুৱাই মৰমবোৰ নালাগে
সঁচা মৰম জাগে গোপনে গোপনে
(তেনেকৈ নক’বা তুমি মোকে মইনা সঁচাকৈ ভালে পাওঁ মনতে ৰাখিবা)২
মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
(মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
নোৱাৰো কব’লৈ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
(ছল পাই বাটতে ভেটা দিব ফুৰিছা মনৰে কথাবোৰ জানিব খো খোজিছা)২
মনৰে দাপোনতে তুমি মইনা
লগাই খলকনি মোৰ মনত মইনা
(মোৰেনো মৰমক দিবানে সঁহাৰি জিলিকাম তোমাৰে উঠতে মই হাঁহি)২
মিগাং মৃন্ময় মিলি, গাওঁ-বিহগুৰি, ডাক-কামদেৱাল, জিলা-শোণিতপুৰ(অসম), পিন-৭৮৪১৬৯, ফোন-৯৫৭৭০০৬৩৫৬, ৮৪০৪০৯৬৪৯৮, ৭৫৭৬৮৫৬১৫২, ৮৫৫৭৯৩৫১৪১.



Random Lyrics

HOT LYRICS

Loading...